শিৱসাগৰৰ জেঙণিকটীয়াত শিক্ষয়িত্ৰী সাৱিত্ৰী দত্তৰ বিদায় সম্বৰ্ধনা সভা সম্পন্ন



আৱাৰ নিউজ এন ই, ৪ এপ্ৰিলঃ শিৱসাগৰৰ খেলুৱা শিক্ষা খণ্ডৰ অধীনৰ ৫০২ নং জেঙণিকটীয়া প্ৰাথমিক বিদ্যালয়ৰ সহ: শিক্ষয়িত্ৰী সাৱিত্ৰী দত্তৰ চাকৰি জীৱনৰ অন্ত পৰাত কালি বিদ্যালয় প্ৰাংগণত এখনি বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী হাচিনা বেগমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায় সভাৰ আঁত ধৰে বিদ্যালয়খনৰ সহ: শিক্ষক ইয়াজুল আলিয়ে। ইয়াৰ পিছতেই বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয় মাতৃ গোট, এচ কেৰ চেণ্টাৰ আৰু অভিভাৱকসকলে ফুলাম গামোচা,  সম্বৰ্দ্ধনা পত্ৰ, শৰাই, মেখেলা চাদৰ, ছাটি, কিতাপৰ টোপোলা, ধৰ্মীয় গ্ৰন্থ ইত্যাদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। বিদ্যালয়ৰ সহ: শিক্ষক আব্দুল মান্নানে সম্বৰ্ধনা পত্ৰ পাঠ কৰা অনুষ্ঠানত প্ৰধান শিক্ষয়িত্ৰী হাচিনা বেগম, সহ: শিক্ষয়িত্ৰী ইনা বেগমে সতীৰ্থ শিক্ষয়িত্ৰীগৰাকীৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে। মনৰ অনুভৱ ব্যক্ত কৰি বিদায়ী শিক্ষয়িত্ৰী সাৱিত্ৰী দত্তই ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে অনাগত দিনত বিদ্যালয়খন শৈক্ষিক দিশত আগুৱাই যোৱাৰ কামনা কৰে। সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Post a Comment

Previous Post Next Post