আৱাৰ নিউজ এন ই, ৭ এপ্ৰিল: সমাগত অসম বিধানসভা নিৰ্বাচন: ২০২৬ উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনে ভোটগ্ৰহণৰ কামত নিয়োজিত পলিং বিষয়াসকলৰ সুচল তথা সুৰক্ষিত যাতায়াত নিশ্চিত কৰাৰ উদ্দেশ্যে গধুৰ বাহন চলাচলত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে। জিলা দণ্ডাধীশ মৃদুল য়াদৱে জাৰি কৰা এক আদেশ অনুসাৰে, শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ পৰা জয়সাগৰ তিনিআলিলৈকে পথটোত গধুৰ যানবাহন (ট্ৰাক) চলাচল দুটা নিৰ্দিষ্ট সময়ছোৱাত বন্ধ থাকিব। প্ৰথম পৰ্যায়ৰ নিষেধাজ্ঞা ৭ এপ্ৰিল তাৰিখে নিশা ৯:০০ বজাৰ পৰা ৮ এপ্ৰিল তাৰিখৰ দুপৰীয়া ২:০০ বজালৈ বলবৎ থাকিব। দ্বিতীয় পৰ্যায়ত ৯ এপ্ৰিল তাৰিখে বিয়লি ৪:০০ বজাৰ পৰা ১০ এপ্ৰিলৰ নিশা ১২:০০ বজালৈ কার্যকৰী হ’ব। ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰী বহন কৰা বাহনসমূহৰ সুৰক্ষিত গতি নিশ্চিত কৰাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জনসাধাৰণ আৰু সংশ্লিষ্ট সকলো পক্ষক জনস্বাৰ্থত আৰু নিৰ্বাচনকালীন সুশৃংখল যান-জঁট ব্যৱস্থাপনা বজাই ৰাখিবলৈ এই নিৰ্দেশ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে নিৰ্বাচনী ব্যৱস্থাপনা কোষে।
বিধানসভা নিৰ্বাচন-২০২৬ঃ প'লিং বিষয়াৰ যান-বাহনৰ সুচল পৰিবহনৰ বাবে শিৱসাগৰত গধুৰ বাহন চলাচলত সাময়িক নিষেধাজ্ঞা
byAdmin
-
0
