আৱাৰ নিউজ এন ই, ৩ এপ্ৰিলঃ শিৱসাগৰ প্ৰেছ ক্লাবত আজি বিয়লি সন্মিলিত নাগৰিক মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ এখন সংবাদমেল অনুষ্ঠিত হয়। এই সংবাদ মেলৰ তাৎপৰ্য ব্যাখ্যা কৰি সন্মিলিত নাগৰিক মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক পূৰ্ণেশ্বৰ চেতিয়াই কয় যে, বৰ্তমান অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ একনায়কত্ববাদী শাসনৰ বিৰুদ্ধে অসমৰ নাগৰিক সমাজ একত্ৰিত হোৱাৰ প্ৰয়োজন। গণতন্ত্ৰৰ সকলো স্তম্ভ আঘাত কৰি এই চৰকাৰখনে গণতান্ত্ৰিক মূল্যবোধ নোহোৱা কৰিছে। এই প্ৰেক্ষাপটত অসমত এক ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আহি পৰিছে।
সংবাদমেল সম্বোধন কৰি সন্মিলিত নাগৰিক মঞ্চৰ কৰ্ণধাৰ সমিতিৰ সদস্য চামচুল বাৰিকে কয় যে, ভাৰতীয় সংবিধানৰ সুৰক্ষা, ধৰ্মনিৰপেক্ষ ঐতিহ্যৰ সুৰক্ষা, ৰাজ্যৰ পংগু অৰ্থনীতিক সৱলীকৰণৰ স্বাৰ্থত এক বিকল্প ৰাজনৈতিক সংগ্ৰামৰ প্ৰাসংগিকতা আহি পৰিছে। ফেচীবাদী ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে সকলো গণতন্ত্ৰকামী ব্যক্তি, দল-সংগঠন ঐক্যবদ্ধ হোৱাৰ বাহিৰে তৎকালীন বিকল্পও নাই। লক্ষণীয় যে, বিজেপি বিৰোধী ৰাজনৈতিক সংগ্ৰামখন শক্তিশালী কৰিবৰ কাৰণে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতৃত্বত অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই (এম), চিপিআই (এম এল) আৰু এটা কাৰ্বি ৰাজনৈতিক দল একত্ৰিত হৈছে। আমি সন্মিলিত নাগৰিক মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়েও এই বিৰোধী ৰাজনৈতিক জোঁটৰ প্ৰতি সমৰ্থন জনাইছোঁ। আমি শিৱসাগৰ জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী শিৱসাগৰৰ অখিল গগৈ, ডিমৌৰ অজয় কুমাৰ গগৈ আৰু নাজিৰাৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ বুলি চামচুল বাৰিকে মন্তব্য কৰে। এই সংবাদ মেলত শিৱসাগৰ জিলা সমিতিৰ উপদেষ্টা নিৰঞ্জন চেতিয়া, কাৰ্যনিৰ্বাহ সদস্য অনন্ত চেতিয়া, আনচাৰউদ্দিন বড়া আৰু আচাদ উল্লাহ উপস্থিত থাকে।
.jpg)
.jpg)