মাৰৱাড়ী যুৱ মঞ্চ, শিৱসাগৰ শাখাৰ ব'হাগ বিহু- অসমীয়া নৱবৰ্ষ উপলক্ষে বিশেষ সন্মান অনুষ্ঠান সম্পন্ন

আৱাৰ নিউজ এন ই, ২৬ এপ্ৰিলঃ পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী যুৱ মঞ্চৰ প্ৰাদেশিক নেতৃত্বৰ নিৰ্দেশনা অনুসৰি মাৰৱাড়ী যুৱ মঞ্চ, শিৱসাগৰ শাখাৰ ২০২৬-২৭ বৰ্ষৰ কাৰ্যকালৰ প্ৰথম প্ৰকল্প হিচাপে অসমৰ প্ৰধান জাতীয় উৎসৱ "ব'হাগ বিহু" আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে শাখাৰ দ্বাৰা আয়োজিত "বিশেষ সন্মান অনুষ্ঠান" সফলতাৰে সম্পন্ন হয়। এই প্ৰকল্পৰ বাবে কেশৱ পাৰীক আৰু অমন লাহোটীক প্ৰকল্পৰ যুটীয়া আহ্বায়ক/সংযোজক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল। এই অনুষ্ঠানৰ অধীনত অসমৰ সংস্কৃতি, সাহিত্য, শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত ৫ গৰাকী বিশিষ্ট ব্যক্তিক তেওঁলোকৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচা, অভিনন্দন পত্ৰ আৰু মাৰৱাড়ী সমাজৰ আধাৰত লিখা গ্ৰন্থ "কীৰ্তিমন্ত" প্ৰদান কৰি সন্মান জনোৱা হয়। সম্বৰ্ধিত ব্যক্তিসকল হ'ল-  মহান সাংস্কৃতিক পুৰুষ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জ্যেষ্ঠ কন্যা জয়শ্ৰী চলিহা, পদ্মশ্ৰী সন্মানেৰে সন্মানিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমীয়া সাহিত্যৰ অন্যতম স্তম্ভ কথাশিল্পী ইমৰান শ্বাহ, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা, শিক্ষাৰ ক্ষেত্ৰত সমৰ্পণ আৰু দিকদৰ্শনৰ বাবে পৰিচিত দীপালী চলিহা, অসমৰ মহান এথলীট, ৰাজ্যৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী অৰ্জুন ভোগেশ্বৰ বৰুৱা, ‘শিৱসাগৰ ৰত্ন’, জ্যেষ্ঠ সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সোণাৰাম বৰুৱা। এই কাৰ্যসূচীত প্ৰকল্পৰ যুটীয়া আহ্বায়ক-সংযোজক কেশৱ পাৰীক আৰু অমন লাহোটীৰ সৈতে মাৰৱাড়ী যুৱ মঞ্চ শিৱসাগৰ শাখাৰ নতুন বৰ্ষ ২০২৬-২৭ৰ এই প্ৰথম অনুষ্ঠান সফল কৰাত শাখাধ্যক্ষ অংকুশ কেড়িয়া, সচিব মহেশ গট্টানী, কোষাধ্যক্ষ সৌৰভ আগৰৱাল, প্ৰাদেশিক কাৰ্যকৰী সদস্য মনীষ গট্টানী, প্ৰাক্তন সভাপতি দীপক ঝনৱৰ, বিনীত আগৰৱাল, সৌৰভ পানচাৰী, জ্যেষ্ঠ সদস্য সুনীল ছাৱছৰিয়া আৰু পংকজ আগৰৱাল, কাৰ্যকৰী সদস্য যশ দেৱড়াই সক্ৰিয় সহযোগ আগবঢ়ায়।

Post a Comment

Previous Post Next Post