৯, ১০ আৰু ১১ মে'ত শিৱসাগৰত সন্মিলিত ৰঙালী বিহু সন্মিলনৰ প্ৰস্তুতিঃ লাইখুঁটা স্থাপন



আৱাৰ নিউজ এন ই, ২৬ এপ্রিলঃ ঐতিহাসিক শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত ২৮ বছৰৰ পূৰ্বে আৰম্ভ হোৱা শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনে এইবাৰ অহা ৯, ১০ আৰু ১১ মে'ত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ২৯ সংখ্যক সন্মিলনখনিৰ আয়োজনৰ বাবে প্ৰস্তুতি চলাইছে। এই উপলক্ষত বর্ডিং খেলপথাৰত আজি এক মাংগলিক অনুষ্ঠানেৰে উদযাপন সমিতিয়ে মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰে। পুৱা ঐতিহাসিক শিবদ'লত পূজা-অর্চনা কৰাৰ অন্তত স্থানীয় বর্ডিং খেলপথাৰত এক আধ্যাত্মিক আৰু মাংগলিক অনুষ্ঠানেৰে শতাধিক ৰাইজৰ উপস্থিতিত বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰা হয়। উদযাপন সমিতিৰ প্ৰধান সম্পাদক শৰৎ হাজৰিকাই আঁত ধৰা অনুষ্ঠানত শিৱদ'লৰ মুখ্য পুৰোহিত সুৰেশ বৰঠাকুৰৰ দ্বাৰা ভূমি পূজন আৰু নামাচাৰ্য বিষ্ণু আতৈৰ দ্বাৰা প্ৰাৰ্থনা আগবঢ়োৱা হয়। লাইখুঁটা স্থাপনৰ অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি প্রদীপ কান্তি দাসে তেওঁৰ বক্তব্যত বিহু সন্মিলনৰ সফল ৰূপায়ণত শিৱসাগৰবাসীৰ আন্তৰিক সহায়-সহযোগিতা কামনা কৰে। উক্ত অনুষ্ঠানত মুখ্য উপদেষ্টা ডাঃ পি পি চেতিয়া, মৃদুল চন্দ্র ফুকন, সন্তোষ চাহেৱালা, উপদেষ্টা অনংগ মোহন শৰ্মা, অৰবিন্দ বৰুৱা, বিষ্ণু শর্মা, বিভূতি চেতিয়া, নিপন বৰদলৈ, চিত্র দেউৰী, জ্যোতি দত্ত, কল্যাণ দাস, ৰাজেন্দ্ৰ যোশী, মনোজ আগৰৱালা, যুটীয়া সম্পাদক জ্যোতিপ্রসাদ কলিতা, সুৰজিত বৰুৱা, ময়ূৰ বৰা, বিত্ত সম্পাদক জাকিৰ হুছেইনকে ধৰি উদযাপন সমিতিৰ যদুমনি বৰা, বিশ্বজ্যোতি ভূঞা, তপনজ্যোতি দত্ত, অখিল শইকীয়া, পৱন কেজৰিৱাল, শান্তনু গগৈ, ৰিদীপ বৰঠাকুৰ, যদুমনি কলিতা, অৰূপ ৰাজখোৱা, প্রশান্ত বৰা আদি বিষয়ববীয়া-সদস্যসকল উপস্থিত থাকে। ইফালে, সন্মিলনৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন, স্মৃতি তর্পণ, ছহিদ তর্পণ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পবিত্ৰ সোঁৱৰণত শ্রদ্ধাঞ্জলি অনুষ্ঠান আৰু দিনৰ ১১ বজাত শিৱসাগৰৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষ ২৯ গৰাকী ব্যক্তিক বিহুৰ ওলগ জনোৱাৰ লগতে প্রতিযোগিতাসমূহ আৰম্ভ কৰা হ'ব। এই প্রতিযোগিতাসমূহত শিৱসাগৰ আৰু চৰাইদেউ জিলা ভিত্তিত আন্তঃবিদ্যালয় হুঁচৰি-বিহু প্রতিযোগিতা আৰু সদৌ অসম ভিত্তিত মৌ কুঁৱৰী প্রতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়ালৈ সদৌ অসম ভিত্তিত সৰু বিহুৱতী প্রতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা অর্থাৎ ১০ মে'ৰ দিনা দিনৰ ১১ বজাত সদৌ অসম ভিত্তিত কুইজ প্রতিযোগিতা, দিনৰ ১২-৩০ বজাত পুনৰ আন্তঃবিদ্যালয় হুঁচৰি-বিহু প্রতিযোগিতা সম্পন্ন হ'ব। উক্ত দিনাই সদৌ অসম ভিত্তিত জেং বিহু প্রতিযোগিতা, সদৌ অসম ভিত্তিত বৰ বিহুৱতী প্রতিযোগিতা আৰু আমন্ত্রিত হুঁচৰি দলৰ হুঁচৰি বিহু প্ৰদৰ্শন কৰা হ'ব। অন্তিম দিনা দিনৰ ১০-৩০ বজাত শিৱসাগৰ জিলা ভিত্তিত চিত্রাংকণ প্রতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়া ৭-৩০ বজাত বঁটা বিতৰণী অনুষ্ঠান আৰু স্মৃতিগ্রন্থ বৰ্হমথুৰি উন্মোচনৰ লগতে সাংস্কৃতিক অনুষ্ঠানত জনপ্রিয় কণ্ঠশিল্পী নীল আকাশে গীত পৰিৱেশন কৰিব। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জয়ন্ত দত্তই জনোৱা মতে প্ৰতিযোগিতাৰ স্থানপ্রাপ্ত প্রতিযোগী/প্রতিযোগী দলক সর্বমুঠ তিনি লাখ একাৱন্ন হাজাৰ টকা নগদ ধনৰে পুৰস্কৃত কৰা হ'ব। ইচ্ছুক প্রতিযোগীক ৯৮৫৪০২৮৪০৬/ ৮৬৩৮০১৩৯০৫/ ৯৪০১১১৫০৭৩/ ৯৯৫৭০৭৫১১৯ নম্বৰত যোগাযোগ কৰিবলৈ প্রতিযোগিতা উপ-সমিতিয়ে অনুৰোধ জনাইছে।

Post a Comment

Previous Post Next Post