মিষ্টাৰ ইণ্ডিয়া পৰিতোষ ৰয়ক ৰাজহুৱা সম্বৰ্দ্ধনা

 


ক্ৰীড়া প্ৰতিনিধি, আৱাৰ নিউজ এন ই, শিৱসাগৰ: ২৬ এপ্ৰিল: বিহাৰৰ গয়া জি ত ১২ আৰু ১৩ এপ্ৰিলত ইন্ডিয়ান বডি বিল্ডিং এন্ড ফিটনেচ ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা১৯ তম সৰ্বভাৰতীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত মিষ্টাৰ ইণ্ডিয়া খিতাপ লাভ কৰা শিৱসাগৰৰ সুসন্তান পৰিতোষ ৰয়কে ধৰি প্ৰতিযোগিতাত বিভিন্ন শাখাত স্হান লাভ কৰা প্ৰতিযোগী সকলক আজি শিৱসাগৰত বিপুল ভাৱে ৰাজহুৱা সম্বৰ্দ্ধনা জনোৱা হয়।এই উপলক্ষে আজি শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত সদৌ অসম ফিজিক এন্ড ফিটনেচ এচোছিয়েশ্যনৰ সভাপতি জয়ন্ত ৰাজকোৱৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্দ্ধনা সভা খন আত ধৰে ৰাজ্যিক সম্পাদক অতনু বৰুৱাই। জিলা শৰীৰ চৰ্চা সন্থা জিলা শক্তি উত্তোলন সন্থা সদৌ অসম পাঞ্জা সন্থা শিৱসাগৰ প্ৰেছ ক্লাবকে আদি কৰি জিলা খনৰ বহু কেইটা দল সংগঠনে সৰ্বভাৰতীয় শৰীৰ চৰ্চাত কৃতিত্ব অৰ্জন কৰা প্ৰতিযোগী সকলক সম্বৰ্দ্ধনা জনাই। উল্লেখযোগ্য যে এই সৰ্বভাৰতীয় প্ৰতিযোগিতাত অসমৰ ১৭ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে ১৫ জনে স্হান লাভ কৰিবলৈ সক্ষম হয়। পুৰুষৰ ৮ টা বিভাগত অনুষ্ঠিত এই প্ৰতিযোগিতাত ৫ টা সোনৰ ২ টা ৰূপৰ ৩  ব্ৰঞ্জৰ পদকৰ উপৰিও অন্যান্য স্হান লাভ কৰিবলৈ সক্ষম হয় অসমৰ দলটো। পুৰুষৰ ৫৫ কেজি শাখাত দিপু দত্ত প্ৰথম ৬০ কেজি শাখাত সন্তোষ য়াদব প্ৰথম ৬৫ শাখাত মুজাহিদুল ইচলাম দ্বিতীয় ৮০ কেজি শাখাত পৰিতোষ ৰয় প্ৰথম ৭৫কেজিত সন্তোষ বড়ো প্ৰথম  দিলীপ কুমাৰ দেউৰী পঞ্চম ।৮০ কেজিত আকিউৰ জামান তৃতীয় কূলদীপ গগৈ চতুৰ্থ পংকজ কূন্ডূ পঞ্চম ৮৫ কেজিত মানৱ ডেকা তৃতীয় ।৮৫ কেজিৰ উৰ্ধৰ বিতুমণি চেতিয়া প্ৰথম মাষ্টাৰ্ছশাখাত মোজাহিদূল ইছলাম দ্বিতীয় দিলীপ কুমাৰ দেউৰী চতুৰ্থ পংকজ কূন্ডূ পঞ্চম ।মেন মডেল ফিজিকত ৫ ফুট ৭ ইঞ্চি উৰ্ধৰ জোনাক দৈমাৰী চতুৰ্থ । মহিলা মডেল ফিজিকত জুৱাই সেনগুপ্তা তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাত ২০২৬ চনৰ মিষ্টাৰ ইণ্ডিয়া খিতাপ লাভ কৰিবলৈ সক্ষম হয় শিৱসাগৰৰ সুসন্তান পৰিতোষ ৰয়ে।আজি এই সম্বৰ্দ্ধনা সভাত সদৌ অসম ফিজিক এন্ড ফিটনেচ ফেডাৰেশ্যনৰ উপ-সভাপতি ঘনকৃঞ্চ গোহাঁই ও উপস্থিত থাকে বুলি জিলা শৰীৰ চৰ্চা সন্থাৰ সম্পাদক পুৰুষোত্তম কলিতাই জানিবলৈ দিছে।

Post a Comment

Previous Post Next Post