ফ’ৰলেন নিৰ্মাণত হেমাহিঃ নিৰ্মীয়মান পথৰ ওপৰত পানীৰ ডোঙাঃ চাইড বামৰ মাটিয়ে সৃষ্টি কৰিছে সমস্যাৰঃ প্ৰায় সংঘটিত হৈছে সৰু-বৰ দুৰ্ঘটনাঃ ব্যৱসায়িক প্ৰতিষ্ঠানলৈও ভাবুকি




আৱাৰ নিউজ এন ই, ২১ এপ্ৰিলঃ দীৰ্ঘসময় ধৰি শামুকীয়া গতিৰে চলি থকা চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম আৰু ভয়াবহ অনিয়মৰ ফলত বিভিন্ন ঠাইত ৰাইজৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ ক’ৰবাত যদি দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণহানি হৈছে, ক’ৰবাত জমা হোৱা পানীৰ ফলত বুৰাই পেলাইছে কাষৰীয়া অঞ্চল৷ শিৱসাগৰৰ দিচাং দলঙৰ সমীপত দেখা গৈছে এনে এক দৃশ্য৷ নতুনকৈ নিৰ্মাণ কৰি থৈ যোৱা পথটোৰ  মাজত এতিয়া বৰষুণৰ পানীৰ ডোঙা৷ আনহাতে চাইড বাম নিৰ্মাণৰ বাবে পথৰ কাষতে পেলাই থোৱা ৰঙা মাটিৰ বাবে নিতৌ সংঘটিত হৈছে বিভিন্ন ধৰণৰ দুৰ্ঘটনা৷ কাৰণ ৰঙা মাটিসমূহ পেলোৱাৰ পাছত ৰোলাৰ মৰাৰ অতিকে প্ৰয়োজন যদিও তেনে কৰা পৰিলক্ষিত হোৱা নাই৷ উক্ত ৰঙা মাটিত পিছলি বাইকত যোৱা এহাল পিতৃ-পুত্ৰক ৰক্তাক্ত অৱস্থাত স্থানীয় ৰাইজে চুকাফা হাস্পাতালত ভৰ্তি কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ এক আঠু পৰ্যন্ত বোকা হোৱাৰ বাবে স্থানীয় ৰাইজে জ্বলা-কলা খাবলগীয়া হৈছে৷ ঘৰৰ পৰা দৈনিক ওলাই যোৱা স্থানীয় ৰাইজ, ছাত্ৰ-ছাত্ৰী, মহিলা আদিয়ে এক প্ৰকাৰ যমৰ যাতনা ভোগ কৰিছে৷ ইফালে অঞ্চলটোত মাহ মাহ ধৰি চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম বন্ধ হৈ থকা বাবে পেলাই থোৱা মাটিৰ লগতে উক্ত কামত ব্যৱহৃত ডাম্পাৰ, জেচিবি, ট্ৰাক আদি ৰাস্তাৰ কাষৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সন্মুখত ৰখাই থোৱা দেখা গৈছে৷ ছমাহ পৰ্যন্ত গাড়ীসমূহ ৰখাই থোৱা আৰু পেলাই থোৱা মাটিৰ বাবে তাত থকা হোটেল, গাড়ীৰ গেৰেজ, পান-তামোলৰ দোকান, টায়াৰ দোকানৰ ব্যৱসায় বন্ধ কৰি থৈছে৷ যাৰ ফলত তেওঁলোকে পৰিয়াল চলোৱাৰ বাবে উপাৰ্জনৰ আন কথা চিন্তা কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই সম্পৰ্কত তেওঁলোকে কাম কৰি থকা ঠিকাদাৰসকলক ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনোৱাত তেওঁলোকে মূল ঠিকাদাৰী প্ৰতিষ্ঠান কৌশল শৰ্মাই পইচা দিয়া নাই, তেল দিয়া নাই আদি প্ৰয়োজনীয় সুবিধা নিদিয়াৰ কথা কৈ দায় সৰাৰ চেষ্টা কৰে৷ কিন্তু তেওঁলোকৰ সমস্যাৰ কথা শুনিবলৈ আজি যেন কোনো নাই৷ স্থানীয় ব্যৱসায়ীয়ে এই প্ৰতিষ্ঠানক কামৰ পৰা আঁতৰাই আন প্ৰতিষ্ঠানক কাম কৰিবলৈ দিয়াৰ বাবে সংবাদমাধ্যমৰ দ্বাৰা আহ্বান জনায়৷ মাৰ্চ মাহৰ শেষত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম শেষ হোৱাৰ কথা আছিল আছিল যদিও বৰ্তমানেও ইয়াৰ কাম ভবামতে আগবঢ়া নাই৷ এনেবোৰ কথা-কাণ্ডই পথ নিৰ্মাণৰ বাবে চৰকাৰে বান্ধি দিয়া ‘ডেডলাইন’ এতিয়া ফুটুকাৰ ফেনতহে পৰিণত হোৱা দেখা গৈছে৷

Post a Comment

Previous Post Next Post