বিশেষ প্ৰতিনিধি, আৱাৰ নিউজ এন ই, শিমলুগুৰি, ২৬ এপ্ৰিলঃ শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ শিক্ষয়িত্ৰী ৰিক্তা দে'লৈ নীতি আয়োগৰ পঞ্জীয়নকৃত পশ্চিমবংগৰ মহাবাহু সাহিত্য পৰিষদে 'মাডাৰ টেৰেচা বঁটা' আগবঢ়ায়। শিমলুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰিক্তা দে'ই ইতিমধ্যে শাস্ত্ৰীয় সংগীতৰ ওপৰত বহু প্ৰৱন্ধ লিখি ভিন্ন গ্ৰন্থ , আলোচনী আদিত প্ৰকাশ কৰিছে। শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতি, মহিলা সমিতিৰ লগতে বিভিন্ন সাহিত্য, সংস্কৃতিৰ অনুষ্ঠানৰ সতে জড়িত এই গৰাকী শাস্ত্ৰীয় সংগীতৰ শিল্পীয়ে বিগত সময়চোৱাতো ভাৰতীয় দলিত সাহিত্য একাডেমীৰ পৰা ড° বি আৰ আম্বেডকাৰ বঁটা , মুম্বাইৰ ভাৰতৰত্ন ভীমসেন যোশী ট্ৰাষ্টৰ আইকনিক টিচাৰ বঁটা , ভাৰতভূষণ ৰাষ্ট্ৰীয় সন্মান লাভ কৰাৰ উপৰিও বৰ লুইত গ্লৰিয়াছ এৱাৰ্ড , সংগীত ৰত্ন আদি বহু কেইটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা ৰিক্তা দে'ই শেহতীয়াকৈ মাডাৰ টেৰেছা সন্মান পোৱাত উৎফুল্লিত হৈ পৰিছে শিল্পী গৰাকীৰ অনুৰাগী ।
