শিৱসাগৰত বিশাল বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ

আৱাৰ নিউজ এন ই, ৬ এপ্ৰিলঃ শিৱসাগৰ বিধানসভা সমষ্টিৰ এন ডি এ সমৰ্থিত অগপ দলৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই বিশাল বাইক ৰেলীৰে নিজৰ শক্তি প্ৰদৰ্শন কৰা দেখা গ’ল৷ আজি প্ৰাৰ্থীজনে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগণত ফুৰালুং পূজা সম্পন্ন কৰাৰ পাছত সমৰ্থকসকলৰ দ্বাৰা বাইক ৰেলী বাহিৰ কৰে৷ ৰেলীত শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ সমৰ্থকে দলীয় পতাকা জোঁকাৰি অগপ জিন্দাবাদ, প্ৰদীপ হাজৰিকা জিন্দাবাদ, প্ৰদীপ হাজৰিকাৰ জয় নিশ্চিত আদি ধ্বনি দিয়ে। হাজৰিকাই সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মত প্ৰকাশ কৰি কয় যে, চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা ৰাজধানী শিৱসাগৰ আজি এক বেয়া অৱস্থালৈ গ’লগৈ৷ তাৰ পৰা উদ্ধাৰ কৰিবলৈ আমি সুন্দৰকৈ সজাই-পৰাই তুলি গৌৰৱ কৰিব পৰা এক অৱস্থালৈ নিয়াৰ বাবে এক প্ৰচেষ্টা হাতত লোৱা হৈছে৷ শিৱসাগৰক সৰ্বদিশত পৰা উন্নয়ন সাধন কৰাৰ সমান্তৰালভাৱে শিৱসাগৰক দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ বাবে এইবাৰ এন ডি এৰ প্ৰাৰ্থী হিচাপে ৰাইজে জয়যুক্ত কৰিব বুলি প্ৰদীপ হাজৰিকাই আশা প্ৰকাশ কৰে৷ ৰেলীৰ পাছতে শিৱদ’লত উপস্থিত হৈ অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই আশীৰ্বাদ বিচাৰে৷ তাৰপিছত শিৱসাগৰ জিলাৰ অগপ কাৰ্যালয়ত উপস্থিত হৈ তেওঁ দলীয় নেতা কৰ্মীসকলৰ সৈতে বাৰ্তালাপ কৰে৷ সন্ধিয়া কেইবাখনো নিৰ্বাচনী সভাত প্ৰদীপ হাজৰিকাই অংশগ্ৰহণ কৰি তেওঁক ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়।

Post a Comment

Previous Post Next Post