৪ মে'ত অনুষ্ঠিত হ'ব ভোটগণনাঃ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰাৰ অৰ্থে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত গুৰুত্বপূৰ্ণ বৈঠক

আৱাৰ নিউজ এন ই, শিৱসাগৰ, ২২ এপ্ৰিলঃ শিৱসাগৰ জিলাৰ তিনিখন বিধানসভা সমষ্টি ক্ৰমে ৯৫- ডিমৌ, ৯৬- শিৱসাগৰ আৰু ৯৭- নাজিৰা বিধানসভা সমষ্টিৰ বাবে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আগন্তুক ৪ মে'ত অনুষ্ঠিত হ'বলগীয়া ভোটগণনা প্ৰক্ৰিয়াৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰাৰ অৰ্থে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মৃদুল য়াদৱ মহোদয়ৰ অধ্যক্ষতাত তথা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত ভোটগণনা প্ৰক্ৰিয়াৰ নিয়মাৱলী সম্পৰ্কে বিস্তৃতভাবে অৱগত কৰা হয়। উল্লেখ্য যে, ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মৰ্মে অহা ৪ মে'ত পুৱা ৮ বজাৰ পৰা ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। ভোটগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে নিয়োজিত নিৰ্বাচনী বিষয়ববীয়াসকলৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদানৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বৈঠকত জনোৱা হয়। তদুপৰি ভোটগণনা প্ৰক্ৰিয়াৰ সফল পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰেণ্ডমাইনেচন প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰতিটো টেবুলত একোগৰাকীকৈ  কাউণ্টিং ছুপাৰভাইজাৰ, কাউণ্টিং সহায়ক আৰু মাইক্ৰ অবজাৰ্ভাৰ নিয়োজিত কৰা হৈছে। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে সংশ্লিষ্ট সকলোকে নিজ নিজ দায়িত্ব নিষ্ঠা আৰু দায়িত্ব সহকাৰে পালন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে সংশ্লিষ্ট নিয়মাৱলী সম্পৰ্কে ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক আগতীয়াকৈ বিষদভাবে অবগত কৰিবলৈ কয়। আজিৰ বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ৯৫- ডিমৌ বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া সতীশ চন্দ্ৰ ঠাকুৰীয়া, জিলা উন্নয়ন আয়ুক্ত তথা ৯৭-নাজিৰা বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া পবিত্ৰ কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত তথা ৯৬-শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া মীনাক্ষী পেৰ্মে, অতিৰিক্ত জিলা আয়ুক্ত তথা নিৰ্মাণ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া লুকুমণি বড়া, অতিৰিক্ত জিলা আয়ুক্ত​সকল ক্ৰমে গৌৰীপ্ৰিয়া দেউৰী, সোণতৃষ্ণা ঘৰফলীয়া আৰু ৰণন্ময় ভৰদ্বাজ, সহকাৰী ৰিটাৰ্ণিং বিষয়াসকল, নিৰ্বাচনী বিষয়া অদিতি নেওগ, জিলা তথ্য প্ৰযুক্তি বিজ্ঞান বিষয়া জগদীশ বুঢ়াগোহাঁই প্ৰমুখ্যে বিভিন্ন নিৰ্বাচনী কোষৰ ন'ডেল আৰু সহকাৰী ন'ডেল বিষয়াসকল, জিলা পৰ্যায়ৰ মাষ্টাৰ ট্ৰেইনাৰ উপস্থিত থাকে।

Post a Comment

Previous Post Next Post