কুশল দুৱৰী, সুশান্ত বৰগোঁহাই, ময়ূৰ বৰগোহাঁই জয়ী হ’লে শিৱসাগৰৰ উন্নয়নৰ হ’ব- শিৱসাগৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা

ষ্টাফ ৰিপৰ্টাৰ, আৱাৰ নিউজ এন ই, ৭ এপ্ৰিলঃ অসম বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আজি ডিমৌ সমষ্টিৰ অন্তৰ্গত বালি খেলপথাৰত উপস্থিত হয়হি৷ প্ৰতিকূল বতৰকো নেওচি শিৱসাগৰৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকক সম্বোধি শিৱসাগৰৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰী আৰু ডিমৌ সমষ্টিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক কাষত লৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে লুঙী, ধুতি, সুতা, কম্বলৰ লগতে গেঞ্জী আৰু পায়জামাও দিব আৰু বিজেপি পুনৰ ক্ষমতালৈ আহিলে ২ লাখ চৰকাৰী চাকৰিৰ উপৰি প্ৰতিগৰাকী মহিলাৰ একাউণ্টত ২৫ হেজাৰ টকা উপহাৰ দিব৷ যি দুই একে পূৰ্বৰ ১০ হেজাৰ টকা এতিয়াও পোৱা নাই তেওঁলোকৰ একাউণ্টত ৩৫ হেজাৰ টকা সুমুৱাই দিয়া হ’ব৷ ৰাইজৰ দলৰ অখিল গগৈ জয়ী হ’লে নামনিৰ পৰা উজনিলৈ ভোট বেংক বৃদ্ধি কৰিবলৈ মানুহ আনিব৷ আমাৰ চৰকাৰ হ’লে উজনিতো নতুন উদ্যোগ হ’ব আৰু নামনিতো হ’ব৷ নামনিৰ নিৱনুৱাই নামনিতে কাম কৰিব আৰু উজনিৰ নিৱনুৱাই নিজৰ অঞ্চলত কাম কৰাৰ সুযোগ লাভ কৰিব৷ অখিল গগৈয়ে দিনে-ৰাতিয়ে বিলাই থকা টকাবোৰ ক’ৰ পৰা পাইছে বুলি ব্যক্ত কৰাৰ লগতে কয় যে, বিজেপিক শিৱসাগৰত সেৱা কৰাৰ সুযোগ নিদি যোৱাবাৰ অখিল গগৈক দিলে৷ অখিল গগৈৰ বাবে শিৱসাগৰ সমষ্টি ভেন্সাৰ সমষ্টি হৈ থাকি গ’ল৷ এইবাৰ কুশল দুৱৰীৰ দৰে ব্যক্তি প্ৰতিদ্বন্দ্বী হোৱাৰ বাবে অখিল গগৈ শংকিত হৈ পৰিছে৷ সেইবাবে অতি নিম্ন পৰ্যায়ত কুশল দুৱৰীক ব্যক্তিগত আক্ৰমণ কৰিছে৷ কুশল দুৱৰীয়ে এতিয়া নতুনকৈ ৰাজনীতিত নমা নাই৷ তেওঁ তাহানিৰ থাওৰা আৰু এতিয়াৰ ডিমৌ সমষ্টিৰ দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল৷ ডিমৌ সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক হোৱাৰ পিছত কুশল দুৱৰীৰ দৰে ব্যক্তি প্ৰতিদ্বন্দ্বী হোৱাৰ বাবে অখিল গগৈ শংকিত হৈ পৰিছে৷ সেইবাবে অতি নিম্ন পৰ্যায়ত কুশল দুৱৰীক ব্যক্তিগত আক্ৰমণ কৰিছে৷ গালি-গালাজৰ প্ৰতিযোগিতা হ’ব নালাগে, কামৰহে প্ৰতিযোগিতা হ’ব লাগে৷ অখিল গগৈয়ে তেওঁৰ সমষ্টিৰ কাষৰেই থকা ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে চমকপ্ৰদ উন্নয়ন সাধন কৰিলে৷ এইবাৰ কুশল দুৱৰী শিৱসাগৰৰ পৰা জয়ী হ’লে ঐতিহাসিক শিৱসাগৰ সমষ্টি অসমৰ ভিতৰত এক জাকতজিলিকা সমষ্টি হৈ পৰিব৷ অখিল গগৈয়ে কেৱল মিথ্যাচাৰৰ আশ্ৰয় লয়৷ সংবাদ মাধ্যমৰ সন্মুখত আমাক ক্ষুৰধাৰ সমালোচনা কৰা অখিলে মোলৈ যিমান ফোন কৰে মোৰ পত্নীয়েও সিমান ফোন নকৰে৷ এজন বিধায়কে ৰংঘৰ প্ৰকল্প আনিব নোৱাৰে৷ অখিল গগৈ নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৰু ভায়েক নহয় বুলিও মুখ্যমন্ত্ৰীয়ে সভাত কটাক্ষ কৰে৷ শিৱসাগৰ সুদীৰ্ঘ কাল আহোম প্ৰশাসনৰ ৰাজধানী আছিল৷ শিৱসাগৰৰ সুকীয়া ঐতিহ্য আছে৷ এইবাৰ অসমত পুনৰ বিজেপিৰে চৰকাৰ হ’ব৷ সেয়ে এইবাৰ শিৱসাগৰ ৰাইজে পূৰ্বৰ দৰে ভুল নকৰে৷ শিৱসাগৰৰ কুশল দুৱৰী, ডিমৌত সুশান্ত বৰগোঁহাই আৰু নাজিৰাত ময়ূৰ বৰগোহাঁইক বিপুল ভোটত জয়ী কৰাৰ পিছত সমগ্ৰ শিৱসাগৰ জিলাখনেই উন্নয়নৰ উচ্চ শিখৰত আৰোহণ কৰি অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জিলা হিচাপে পৰিগণিত হ’ব৷ ডিমৌত এখন মেডিকেল কলেজ আৰু কেন্সাৰ হাস্পাতাল হ’ল৷ তাত চাৰিওফালে উন্নতি৷ শিৱসাগৰত এতিয়া এখন উচ্ছ পৰ্যায়ৰ ইঞ্জিনিয়াৰিং কলেজ স্থাপনৰ লগতে দিচাংমুখৰ পৰা ঢকুৱাখানালৈ ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণৰো পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সভাত উল্লেখ কৰে৷ এই সভাত বিজেপিৰ বহু কেইগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে৷

Post a Comment

Previous Post Next Post