শিৱসাগৰত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী অখিল গগৈৰ বিশাল জনসমাৱেশ- ৰেলীঃ বিজেপি দলৰ প্ৰাৰ্থীক তীব্ৰ সমালোচনাঃ পৰাজয়ৰ ভয়ত প্ৰলাপ বকিছে হিমন্ত বিশ্ব শৰ্মাই


নিউজ ডেস্ক, আৱাৰ নিউজ এন ই, ৭ এপ্ৰিলঃ শিৱসাগৰ সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আজি নিজ শক্তি প্ৰদৰ্শন কৰে। তেওঁ হাজাৰ হাজাৰ সমৰ্থক লগত লৈ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত এখন বিশাল জনসমাৱেশ অনুষ্ঠিত কৰাৰ লগতে শিৱসাগৰ নগৰত এক বিশাল ৰেলী বাহিৰ কৰে।আজিৰ জনসমাৱেশত গগৈয়ে বিৰোধী প্ৰাৰ্থী,বিশেষকৈ বিজেপি দলৰ প্ৰাৰ্থী কুশল দুৱৰীক তীব্ৰ সমালোচনা কৰি তেওঁৰ অতীত কু-কীৰ্তি সমূহ ৰাইজৰ আগত দাঙি ধৰে।গগৈয়ে অতীতৰ দিনত অসমৰ ক’লা অধ্যায়ৰূপে পৰিচিত গুপ্তহত্যাৰ মূল খলনায়ক জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰী বুলি উল্লেখ কৰি তেওঁৰ নেতৃত্বত স‌ংঘটিত লোমহৰ্ষক হত্যাসমূহৰ কথা উল্লেখ কৰে।তেওঁ কয় যে, তেতিয়াৰ দিনৰ গুপ্তহত্যাক লৈ বহুওৱা জাষ্টিছ কে.এন. শইকীয়াৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে, এই প্ৰতিবেদনৰ পাতে পাতে তাহানিৰ দিনৰ সন্ত্ৰাস লিখিত হৈ আছে। আনহাতে আজি শিৱসাগৰ সমষ্টিৰ গাতে লাগি থকা ডিমৌ সমষ্টিৰ অন্তৰ্গত অৰ্জুনগুৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন নিৰ্বাচনী  সভাত অংশ লৈ শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈক তীব্ৰ সমালোচনা কৰিছিল।গগৈয়ে আজিৰ সমাৱেশত এই সমালোচনাৰ উত্তৰ দি পৰাজয়ৰ আশংকাত হিমন্ত বিশ্ব শৰ্মাই প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে বুলি কটাক্ষ কৰে। তেওঁ লগতে দুদিন আগত কংগ্ৰেছ দলে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে অনা গুৰুতৰ অভিযোগ সমূহ খণ্ডন কৰিবলৈ মুখ্যমন্ত্ৰী শৰ্মাক প্ৰত্যাহ্বান জনাই কয় যে, যদি তেওঁ এইবোৰ খণ্ডন কৰিব নোৱাৰে তেন্তে তেওঁ পদত্যাগ কৰক আৰু তেওঁৰ পত্নী ৰিণিকি ভঞাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক।

Post a Comment

Previous Post Next Post