আৱাৰ নিউজ এন ই, ৩ এপ্ৰিলঃ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত কালি "Videography and Editing" বিষয়ৰ এটি Add-on Skill Based Certificate পাঠ্যক্ৰমৰ শুভ উদ্বোধনী অনুষ্ঠান অত্যন্ত উৎসাহ আৰু গাম্ভীৰ্যৰ মাজেৰে অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ ডিজিটেল কক্ষত আয়োজন কৰা এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক, অসমৰ এজন খ্যাতিনামা তাৰ্কিক তথা ND 24 নিউজ চেনেলৰ উজনী অসমৰ বিৰো চীফ কৌস্তৱ মণি কাকতি।নিজৰ বক্তব্যত কৌস্তৱ মণি কাকতিয়ে কয় যে, “অসমত ২ কোটি টকাৰ এখন চিনেমাৰ মুঠ ব্যয়ৰ প্ৰায় ৫০ লাখ টকা কেৱল এডিটিং কামতেই খৰছ হয়" , লগতে তেওঁ উল্লেখ কৰে যে ভিদিঅগ্ৰাফী আৰু এডিটিংৰ ক্ষেত্ৰত অসমত এক বৃহৎ বজাৰ আছে, যি আগন্তুক সময়ত অধিক বিস্তাৰ লাভ কৰিব। তেওঁ ছাত্ৰ-ছাত্ৰী সকলক এই ক্ষেত্ৰত দক্ষতা অৰ্জন কৰি নিজকে স্বনির্ভৰ কৰাৰ আহ্বান জনায়। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ছেবাৰ(SEBA )প্ৰাক্তন সচিব কমল গগৈ আৰু AMTRON প্ৰতিষ্ঠানৰ পৰিচালক আহিয়া হুছেইন। তেওঁলোকেও নিজ নিজ ভাষণত আধুনিক ডিজিটেল যুগত ভিডিঅ’ প্ৰস্তুতি আৰু সম্পাদনাৰ বিস্তৃত সম্ভাৱনাৰ কথা উল্লেখ কৰে আৰু এই পাঠ্যক্ৰমৰ সফলতা কামনা কৰে। অনুষ্ঠানৰ সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্তই। তেখেতে ছাত্ৰ-ছাত্ৰী সকলক দক্ষতাভিত্তিক শিক্ষাৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান জনায় আৰু মহাবিদ্যালয় খনে ছাত্ৰ ছাত্ৰীৰ দক্ষতা বিকাশৰ উদ্দেশ্যে লোৱা কেতবোৰ পদক্ষেপৰ বিষয়ে জানিবলৈ দিয়ে। পাঠ্যক্ৰমটোৰ সমন্বয়ক ড° কৌৰাঙ্গ বৰগোঁহাই য়ে আঁতধৰা অনুষ্ঠান টিত ছাত্ৰ ছাত্ৰীৰ লগতে ভালে সংখ্যক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। পাঠ্যক্ৰমৰ প্ৰশিক্ষক জ্যোতিষ দত্তই পাঠ্যক্ৰমৰ উদ্দেশ্য আৰু কাঠামো সম্পৰ্কে বিৱৰণ আগবঢ়ায়। উল্লেখযোগ্য যে, এই পাঠ্যক্ৰমত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। অনুষ্ঠানৰ অন্তত অতিথিসকলক ধন্যবাদ জ্ঞাপন কৰি আৰু পাঠ্যক্ৰমটোৰ সফল ৰূপায়ণৰ আশাবাদ ব্যক্ত কৰি সভাৰ সমাপ্তি ঘোষণা কৰা হয়।
শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত ভিডিঅ'গ্ৰাফী আৰু এডিটিঙৰ কৰ্মশালা
byAdmin
-
0
