আৱাৰ নিউজ এন ই, ২৪ এপ্ৰিলঃ শিৱসাগৰৰ সামাজিক- সাংস্কৃতিক অনুষ্ঠান সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত, সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসম আৰু ভাৰতীয় সাংবাদিক মহাসংঘৰ শিৱসাগৰ জিলা সমিতি তথা শিৱসাগৰবাসী ৰাইজৰ সহযোগত শিৱসাগৰ দ’লপথত ২১ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ সফলতাৰে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক তথা সংবাদসেৱী অমৃত কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি জিতেন কাকতিয়ে পতাকা উত্তোলনৰ পাছতে উদ্যাপন সমিতিৰ সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈয়ে পৰম্পৰাগত ৰীতি-নীতিৰে বিহুৱান উত্তোলন কৰে৷ উদ্যাপন সমিতিৰ উপ-সভাপতি অনংগ মোহন শৰ্মাই স্মৃতি তৰ্পণ কৰাৰ লগতে অসমীয়াৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰাক্তন পৌৰনেত্ৰী মৃদুস্মিতা সিংহই বন্তি প্ৰজ্বলন কৰে। উপস্থিত ৰাইজে নীৰৱতা অৱলম্বন কৰি শিল্পীগৰাকীক স্মৰণ কৰে। অনুষ্ঠানৰ অংশ হিচাপে কণ-কণ শিশুসকলৰ মাজত শিল্পী মহেন্দ্ৰ নাথ কাকতি সোঁৱৰণী জিলা ভিত্তিত দুটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতেই আৰম্ভ হোৱা বিহুনাচ আৰু ঢোলবাদন প্ৰতিযোগিতা সম্পন্ন হয়। হাঁহচৰাৰ পোহৰ চেমনীয়া হুঁচৰি দলে মঞ্চ উদ্বোধন কৰাৰ লগতে বিভিন্ন আমন্ত্ৰিত দলৰ জেং বিহু, হুঁচৰি, শিশু শিল্পী অভ্ৰনীল দত্তৰ গীত পৰিৱেশন আৰু সৃষ্টিশীল নৃত্য প্ৰদৰ্শনে অনুষ্ঠানটি অধিক মনোগ্ৰাহী কৰি তোলে। অনুষ্ঠানৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানটি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দুটি গীত পৰিৱেশনেৰে মুকলি কৰে দৰং জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত উদয় শংকৰ দত্তই৷ তাৰ পিছতেই সমন্বয় সাংস্কৃতিক গোষ্ঠীয়ে প্ৰতি বছৰে বিহু মঞ্চত প্ৰদান কৰি অহা “সমন্বয় শিল্পী সাধনা বঁটা-২০২৬" প্ৰদান কৰা হয় প্ৰখ্যাত চলচ্চিত্ৰ তথা মঞ্চ অভিনেতা ৰাজীৱ গোস্বামীক৷ নিজৰ শিল্পী জীৱনৰ উল্লেখযোগ্য অৱদানৰ বাবে শিল্পীগৰাকীক বঁটা প্ৰদান কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰতীয় সাংবাদিক মহাসংঘ, শিৱসাগৰ জিলা সমিতিৰ সম্পাদক অৰ্পনা ভৰালী। সাংস্কৃতিক কৰ্মী পাৰ্থপ্ৰতিম শৰ্মা আৰু ত্ৰিৱেণী কাকতিয়ে পৰিচালনা কৰা অনুষ্ঠানত নিশালৈ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক সন্ধ্যা ’সমন্বয় এনিশা’ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী বিজয়ানন্দ চেতিয়াই ৷ সংগীতানুষ্ঠানত উদীয়মান কণ্ঠশিল্পী ক্ৰমে গাৰ্গী বৰকটকী, সুকন্যা কাশ্যপ আৰু মানস বৰকটকীয়ে গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে।
