
আৱাৰ নিউজ এন ই, ২৮ আগষ্টঃ শিৱসাগৰৰ শিক্ষাবিদ-সাহিত্যিক নীলমণি মহন্তৰ জীৱনৰ আধাৰত ৰচিত 'বাখৰুৱা ব্যক্তিত্বৰ বর্ণ' আৰু 'ঐহিক ঐশানু' শীর্ষক দুখন গ্রন্থ আজি সাহিত্যিকগৰাকীৰ প্রথম মৃত্যু তিথি উপলক্ষে নিজা বাসগৃহ সেউজপুৰত উন্মোচন হৈ যায়। অনুষ্ঠানৰ প্ৰথমতে ৰিড ৰিদমে বৰগীতেৰে শুভাৰম্ভ কৰা গ্রন্থ উন্মোচনী সভাখন সভাপতিত্ব কৰে গ্রন্থ প্রণয়ন সমিতিৰ সভাপতি তথা জগন্নাথ বৰুৱাৰ প্ৰতিষ্ঠাপক উপাচার্য ড০ জ্যোতিপ্রসাদ শইকীয়াই। গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০দেবযানী বকলিয়াল আৰু গ্রন্থ প্রণয়ন সমিতিৰ সম্পাদক সন্তোষ কুমাৰ দত্তই আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ প্রদান কৰে শিক্ষাবিদ নীলমণি মহন্তৰ সহধর্মিনী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক ড০ অৰুন্ধতী মহন্তই। শিক্ষাবিদ-সাহিত্যিক ব্যাকৰণ প্রণেতা সমাজ সংগঠক নীলমণি মহন্তৰ জীৱন আৰু কৰ্ম আধাৰিত 'ঐহিক ঐশানু' শীর্ষক গ্রন্থখনি উন্মোচন কৰে যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, গবেষক পণ্ডিত ড০ পবিত্র প্রাণ মহন্তই। তেওঁ উন্মোচনী বক্তব্যত কয় যে, সত্ৰীয়া সংস্কৃতিৰ এগৰাকী নীৰৱ সাধক নীলমণি মহন্তই নর্মাল স্কুলৰ শিক্ষা লাভ কৰি প্রাক-প্রাথমিকৰ পৰা উচ্চ প্রাথমিকলৈকে কেইবাখনো হস্তশিল্প, মানচিত্র, ভূগোল ব্যাকৰণ, পাঠ্যপুথি ৰচনা কৰি বিদ্যায়তনিক দিশত অৰিহণা আগবঢ়াইছিল। সেইগৰাকী ব্যক্তিয়ে 'ইংলিছ গ্রামাৰ আৰু ট্রেনশ্লেখন' শীর্ষক গ্রন্থখন প্রায় ত্রিশটা সংস্কৰণত প্রকাশ হৈ ছাত্র-ছাত্রীসকলৰ মাজত সমাদৃত হৈ আহিছে। 'ঐহিক ঐশানু' গ্রন্থখনে তেওঁৰ জীৱন আৰু কৰ্মক সুন্দৰভাৱে আলোকপাত কৰিছে। এই গ্রন্থখনি পঢ়ুবৈ সমাজৰ বাবে উপকৃত হ'ব বুলি আমি আশা কৰিছো। আনহাতে নীলমণি মহন্তৰ জীবন বৃত্তান্ত বিষয়ক 'বাখৰুৱা ব্যক্তিত্বৰ বৰ্ণ' শীর্ষক গ্রন্থখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই। বৰাই কয় যে, গ্রন্থখনি তেওঁৰ জীৱনৰ সুন্দৰ সময়খিনি যেনেধৰণে বিস্তাৰিত ৰূপত প্রকাশ কৰিছে এয়া সঁচাকৈ আদৰণীয়। তেওঁ লগতে কয় যে, শিক্ষাবিদজনৰ জীৱন কালত শিক্ষকতাৰ দৰে পবিত্র বৃত্তিত জীবন উছর্গা কৰিও ছাত্র-ছাত্রীসকলৰ বাবে যিখিনি পাঠ্যপুথি প্রণয়ন কৰি থৈ গ'ল সেয়া অনাগত দিনৰ শিক্ষকসকলৰ বাবে পাথেয় হৈ ৰ'ব। আনহাতে অসম সত্র মহাসভাৰ সম্পাদক প্রধান কুসুম মহন্তই নীলমণি মহন্তৰ নিকট সান্নিধ্যৰ কথা শ্রদ্ধাৰে সোঁৱৰি আবেগিক হৈ পৰে। সাহিত্যাচার্য নাহেন্দ্র পাদুনে চুবুৰীয়া হিচাপে নীলমণি মহন্তৰ আদর্শ আৰু দৰ্শনৰ বিষয়ত উল্লেখ কৰি কয় যে, এইগৰাকী ব্যক্তি সমাজৰ ধামখুমীয়াৰ পৰা আঁতৰি থাকি নিৰলে তেওঁৰ সৃষ্টিৰাজিৰে যি নিদর্শন দাঙি ধৰিলে আজি সভাৰ যোগেদি প্রতিফলন হৈছে বুলি একাষাৰে ক'ব পাৰি। গ্রন্থ উন্মোচনী সভাত সভাপতিত্ব কৰা ড০ জ্যোতিপ্রসাদ শইকীয়াই 'চিংমুং' অর্থাৎ সম্মানীয় ব্যক্তি হিচাপে নীলমণি মহন্তক সম্বোধন কৰিছে। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কেইবাটাও দশক মানৱ সম্পদ গঢ়াৰ কৰ্মত নীলমণি মহন্ত আন্তৰিকতাৰে জড়িত আছিল। তেওঁ জ্ঞানৰ পোহৰ বিলাই বহুতৰে তিমিৰসদৃশ মনৰ গৰ্ভ উদ্ভাসিত কৰিছে। তেওঁ এগৰাকী ব্যাকৰণ প্রণেতা, সাহিত্যিক আৰু সমাজ প্ৰজাৰ পৌষ্ণ বুলি মন্তব্য কৰে। সন্তোষ কুমাৰ দত্তৰ সম্পাদনাত প্রকাশিত দুয়োখন গ্রন্থৰ উন্মোচনী সভাত অবসৰপ্রাপ্ত অধ্যক্ষ সাহিত্যিক সোণাৰাম বৰুৱা, অবসৰপ্রাপ্ত অধ্যক্ষ কার্তিক চন্দ্র দত্ত, সুৰেশ শইকীয়া, সাহিত্যিক প্রেম গগৈ, ড০ মণি পাঠক, ড০ পঞ্চানন বৰঠাকুৰ, দুলাল মহন্ত, অসম সাহিত্য সভাৰ যোৰহাট কেন্দ্রীয় কাৰ্যালয়ৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকা, অধ্যক্ষ ড০ সব্যসাচী মহন্ত, ড০ সৌমাৰজ্যোতি মহন্ত, ড০ হিমাদ্রীজ্যোতি বৰুৱা, নিবন্ধকাৰ প্রকাশ মহন্ত, মনোজ বৰঠাকুৰ, মুকুল নাথ, স্বর্ণজ্যোতি বৰা বৰবৰা, ৰংপুৰ সাহিত্য সভাৰ সভাপতি অমিতাভ বৰুৱা, কবি ৰেণুমালা চাংমাই, মেঘালী হাজৰিকা কাকতি, বিজুমণি দত্ত, অনামিকা কলিতা, দীপা কলিতা, অৰুণা চেতিয়া খাটনিয়াৰ, ইলা মহন, অনিমা ৰাজখোৱা, মীৰা বৰুৱা, জয়জ্যোতি গগৈ, দেবযানী মহন্ত, পূর্ণকান্ত বৰা, অনিল চন্দ্র দত্ত, ৰমেন ভৰালী, নিৰু চেতিয়া হাজৰিকা, কল্পনা গোহাঁই গগৈ, বীণা বৰুৱা, প্রমোদ বৰুৱা, কল্পনা কটকীকে ধৰি শিৱসাগৰৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বর্তমানৰ অধ্যক্ষ, লেখক-লেখিকা, সাহিত্যিক-শিক্ষাবিদ-সমাজ সংগঠককে ধৰি প্রায় দুই শতাধিক ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।