আৱাৰ নিউজ এন ই, ১৪ জুন: মানৱতাৰ সেৱাত ব্ৰতী হৈ অহা শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক প্ৰতিষ্ঠান দৃশ্যপট শিৱসাগৰে বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো বিশ্ব ৰক্তদান দিৱসত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁড়ালত এক বিশেষ ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। প্ৰয়োজনৰ সময়ত দুৰ্ভগীয়া ৰোগীসকলক সহায় কৰাৰ উদ্দেশ্যেৰে চহৰখনৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি আৰু নৱপ্ৰজন্মৰ প্ৰতিনিধিয়েও স্বতঃস্ফূর্তভাৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকি অনুষ্ঠানটিক সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় দৃশ্যপট শিৱসাগৰৰ সভাপতি ড° মনি পাঠক, কাৰ্যকৰী সদস্য স্বপ্নালী শৰ্মা ভট্টাচাৰ্য, সহ-সম্পাদক শ্যামল ৰাজগুৰু, অংকুশ জ্যোতি দত্ত, শ্ৰীমন্ত বৰুৱা, আগা বৰা আৰু কল্পনা কলিতাই। ৰক্তদান প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰাত বিশেষ ভূমিকা পালন কৰে চিকিৎসালয়খনৰ ডাঃ আমিনুৰ ৰহমান, ডাঃ সৰিতা যাদৱ, জি.এন.এম. মিছেছ মিতালি হাজৰিকা আৰু লেব টেকনিচিয়ান বিতুল গগৈ, ৱাহিদ বৰা আৰু মানস গগৈয়ে। এই সন্দৰ্ভত দৃশ্যপট শিৱসাগৰৰ সম্পাদক অভিনৱ দেৱ কাশ্যপে কয় যে, ৰক্তদান এক মহান দান। তেজৰ অভাৱত যাতে কোনো প্ৰাণ হেৰুৱাবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰতিবছৰে এই সেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এইবাৰো সফলভাৱে যথেষ্ট তেজ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে, যি ভৱিষ্যতে বিপদত পৰা বহু ৰোগীক নতুন জীৱন ৰক্ষা কৰাত সহায়ক হ’ব বুলি মন্তব্য কৰে।
